Monday, March 19, 2012

গাণিতিক জীৱবিজ্ঞান বা জৈৱ-গণিত (Mathematical Biology or Bio-mathematics)


            আমাৰ দেশত সৰহভাগ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজতে এটা ধাৰণা প্ৰচলিত আছে যে জীৱবিজ্ঞান অধ্যয়নৰ বাবে গণিতৰ জ্ঞান অপৰিহাৰ্য্য নহয় | গতিকে গণিত বিষয়ত ভাল ফল দেখুৱাব নোৱাৰা ছাত্ৰ-ছাত্ৰীক সাধাৰণতে জীৱবিজ্ঞানৰ যিকোনো শাখাত অধ্যয়ন আৰু উচ্চ শিক্ষা গ্ৰহণৰ পৰামৰ্শ দিয়া হয় | কিন্তু এই ধাৰণাৰ বিপৰীতে আজি আমি জীৱবিজ্ঞানৰ যিটো শাখাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো, তাৰ অধ্যয়নৰ বাবে গণিতৰ জ্ঞান কেৱল অপৰিহাৰ্য্যই নহয়, বৰঞ্চ গণিত বিষয়ত বিশেষ পাৰদৰ্শিতা থকা ব্যক্তিয়েহে এই বিষয়ৰ অধ্যয়নত সফলতা লাভ কৰিব পাৰে |

            সাম্প্ৰতিক কালত জীৱবিজ্ঞানৰ গৱেষণা আৰু আৱিষ্কাৰৰ দিশত অতি ক্ষিপ্ৰ বিকাশ পৰিলক্ষিত হৈছে | বোধহয় মানৱ বংশগতি-সূত্ৰ আঁচনি(Human Genome Project)-ৰ সফল পৰিসমাপ্তি একবিংশ শতিকাত বিজ্ঞানৰ এতিয়ালৈকে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ সাফল্য | পৰৱৰ্ত্তী সময়ত জিনমিক্স আৰু প্ৰটিয়মিক্স বিষয়ক অধ্যয়নৰ দিশত হোৱা ক্ষিপ্ৰ প্ৰগতিয়ে আধুনিক জীৱবিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাত বৈপ্লৱিক পৰিৱৰ্ত্তনৰ সূচনা কৰিছে | এনেবোৰ গৱেষণাৰ ফলস্বৰূপে মানুহ আৰু জীৱ-জন্তুৰ বহুবোৰ অনাৰোগ্য ব্যাধি, যেনে: কৰ্কটৰোগ, এইড্‌চ আৰু বিশেষকৈ জন্মগত তথা বংশানুক্ৰমিক ৰোগৰ নিৰাময় ব্যৱস্থা উপলভ্য হোৱাৰ প্ৰচুৰ সম্ভাৱনা পৰিলক্ষিত হৈছে |

            জীৱবিজ্ঞানৰ এনে আশ্বৰ্য্যজনক অগ্ৰগতিত বিশেষভাৱে অৰিহণা যোগাইছে বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্যান্য বিভিন্ন শাখাত সাম্প্ৰতিক কালত হোৱা সামগ্ৰিক বিকাশে | তাৰ ভিতৰত চিকিত্‍সা চিত্ৰ-বিদ্যা (Medical Imaging), নেন’-পৰ্য্যায়ৰ জৈৱ-আভিযান্ত্ৰিক শিক্ষা (Nanoscale Bioengineering) আৰু জিনৰ প্ৰকাশ (Gene Expression) সম্পৰ্কীয় গৱেষণা উল্লেখযোগ্য | এনেবোৰ প্ৰযুক্তিগত বিকাশৰ ফলত প্ৰাপ্ত হোৱা বৃহত্‍ পৰিমাণৰ তথ্যৰ সঠিক মূল্যায়ন আৰু বিশ্লেষণৰ জড়িয়তে বিজ্ঞানী সকলে জীৱদেহৰ বিভিন্ন ক্ৰিয়া-প্ৰক্ৰিয়া সম্পৰ্কে নানান ৰহস্য উদ্‌ঘাটন কৰিবলৈ সক্ষম হৈছে | সংশ্লিষ্ট ক্ষেত্ৰসমূহত হোৱা ক্ষিপ্ৰ প্ৰগতিৰ পৰিপ্ৰেক্ষিতত নিতৌ আৱিষ্কৃত হোৱা বৃহত্‍ পৰিমাণৰ নিত্য-নতুন তথ্য ৰাজিৰ ফলপ্ৰসু আৰু যথোপযুক্ত বিশ্লেষণ কৰি তাৰ পৰা প্ৰয়োজনীয় জ্ঞান আহৰণ কৰাটো জীৱবিজ্ঞানী সকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছে |

আশা কৰা হৈছে যে এই ক্ষেত্ৰত গণিতৰ সুপ্ৰতিস্থিত প্ৰণালীসমূহৰ যথোপযুক্ত প্ৰয়োগে প্ৰচুৰভাৱে সহায় কৰিব পাৰিব | অৱশ্যে, জীৱবিজ্ঞানৰ জটিল মৌলিক সমস্যাসমূহৰ গাণিতিক সমাধান উদ্ভাৱন কৰাৰ বাবে নতুন ধাৰণা আৰু প্ৰযুক্তিৰ প্ৰয়োজন হব | প্ৰকৃতপক্ষে, সাম্প্ৰতিক কালত এই দিশত হোৱা বৈজ্ঞানিক অগ্ৰগতিৰ ফলস্বৰূপে ইতিমধ্যে গণিত বিষয়ৰ অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত কেতবোৰ নতুন দিশৰ সূচনা হৈছে |

বিশ্বৰ বিভিন্ন প্ৰান্তত থকা বহুতো অগ্ৰণী বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ গণিত, পৰিসংখ্যা বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আদি বিভাগৰ অধীনত ইতিমধ্যে গাণিতিক জীৱবিজ্ঞানীৰ একোটা দল গঠিত কৰা হৈছে | অন্যহাতে, কেতবোৰ বিশ্ববিদ্যালয়ত গণিতৰ পাঠ্যক্ৰমত জীৱবিজ্ঞানৰ সৈতে জড়িত গাণিতিক বিষয়বোৰ অন্তৰ্ভুক্ত কৰা হৈছে | তত্‍সত্ত্বেও, জীৱবিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাৰ বৰ্দ্ধিত তাগিদাৰ তুলনাত এনেবোৰ দিশত জড়িত বিজ্ঞানীৰ সংখ্যা বৰ্ত্তমানলৈকে তেনেই তাকৰ | সেয়েহে, গাণিতিক জীৱবিজ্ঞানৰ এই নতুন বিষয়টোৰ প্ৰণালীৱদ্ধ অধ্যয়ন আৰু গৱেষণাৰ বাবে  অধিক সংখ্যক গণিতজ্ঞ আৰু পৰিসংখ্যা বিজ্ঞানীক আকৰ্ষিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে |

জৈৱ গণিত বা গাণিতিক জীৱবিজ্ঞাননো কি?

        জীৱদেহৰ শাৰীৰিক গঠন আৰু ক্ৰিয়া-কাণ্ডৰ মূল একক হল কোষ | কিন্তু এই কোষবোৰৰ গঠন আৰু প্ৰকৃতি অতিশয় জটিল আৰু বিচিত্ৰ | স্তন্যপায়ী জন্তুৰ দেহৰ একোটা কোষত প্ৰায় ৩০০ নিযুত অণু থাকে | কিন্তু কোষবোৰ কেৱল অণুৰ সমষ্টিয়েই নহয় | প্ৰতিটো কোষে ইয়াৰ অণুবোৰৰ ওপৰত এক সুশৃংখল নিয়ন্ত্ৰণ ৰাখে | উদাহৰণ স্বৰূপে, ডি এন এ, আৰ এন এ আৰু প্ৰটিনৰ মাজৰ আণৱিক সম্পৰ্কলৈ আঙুলিয়াব পাৰি | প্ৰতিটো কোষে খাদ্যৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰে আৰু তাৰ ওপৰত কৰা ক্ৰিয়া-বিক্ৰিয়াৰ জড়িয়তে নানাবিধ জৈৱিক উপাদান প্ৰস্তুত কৰি বিভিন্ন কাম সমাধা কৰে | জীৱদেহত সংঘটিত এনেবোৰ প্ৰক্ৰিয়াৰ গাণিতিক আৰ্হি প্ৰস্তুত কৰা (mathematical modeling) অতি দুৰূহ কাৰ্য্য | তদুপৰি যিহেতু মানৱ তথা অন্যান্য উচ্চস্তৰৰ জীৱদেহ বহু লক্ষ নিৰ্বুদ কোষৰ দ্বাৰা গঠিত আৰু ভিন ভিন কলাৰ কোষসমূহে সংঘৱদ্ধভাৱে হাজাৰটা বিভিন্ন কাৰ্য্য সম্পাদন কৰে, জীৱকোষৰ প্ৰক্ৰিয়া সমূহৰ গাণিতিক আৰ্হি প্ৰস্তুত কৰাটো কি এক প্ৰত্যাহ্বান সি সহজেই অনুমেয় |

        অনুল্লেখনীয় যে জৈৱ-গণিতৰ অধ্যয়নৰ বাবে মূলতঃ গণিতজ্ঞ আৰু জীৱবিজ্ঞানীৰ  সু-সমন্বিত প্ৰয়াসৰ আৱশ্যক | জীৱবিজ্ঞানীয়ে জৈৱিক প্ৰক্ৰিয়া সম্বন্ধে কেতবোৰ মৌলিক প্ৰশ্ন উপস্থাপন কৰিব বা এলানি পৰীক্ষা-নিৰীক্ষাৰ বিশদ বৰ্ণনা ডাঙি ধৰিব আৰু আনহাতে, গণিতজ্ঞ‍ই তাৰ ওপৰত ভিত্তি কৰি গাণিতিক আৰ্হি প্ৰস্তুত কৰিব আৰু সিবোৰক অনুকৰণ কৰি কম্পিউটাৰ তথা অন্যান্য প্ৰযুক্তিৰ জড়িয়তে অবিকল প্ৰক্ৰিয়া সংঘটিত কৰাৰ প্ৰয়াস কৰিব |

            প্ৰসিদ্ধ শিক্ষাবিদ জন দিৱী (John Dewey) য়ে ১৯০১ চনত প্ৰকাশিত তেওঁৰ The Child and Society নামৰ পুথিখনত লিখিছিল - “We do not have a series of stratified earths, one of which is mathematical, another physical, etc. We should not be able to live very long in any one taken by itself. We live in a world where all sides are bound together; all studies grow out of relations in the one great common world.” জৈৱ-গণিতৰ বিকাশে বোধকৰো এই উক্তিৰ যথাৰ্থতাকেই প্ৰতিপন্ন কৰিছে | এই বিশ্বব্ৰহ্মাণ্ডত চলি থকা সকলো প্ৰক্ৰিয়া আৰু কৰ্ম-কাণ্ডৰ মূলতে হ’ল বিভিন্ন জৈৱিক, অজৈৱিক, ভৌতিক, আদি-ভৌতিক আদি বিচিত্ৰ সত্তা আৰু অণু-পৰমাণুৰ পৰস্পৰ মিলন তথা সিহঁতৰ ক্ৰিয়া-বিক্ৰিয়াৰ ফল | গতিকে ইহঁতৰ এটাক বাদ দি আনটোৰ অধ্যয়ন আৰু বিশ্লেষণ কেতিয়াও সম্পূৰ্ণৰূপে সম্ভৱ হ’ব নোৱাৰে | সেয়েহে, সাম্প্ৰতিক কালত গাণিতিক জীৱবিজ্ঞান, জৈৱ তথ্য প্ৰযুক্তি আদি নতুন বিষয়বোৰে অতিশয় গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে |

            সাম্প্ৰতিক কালত জীৱবিজ্ঞান, জৈৱচিকিত্‍সা আৰু জৈৱপ্ৰযুক্তি এই তিনিওটা বিষয়ৰ গৱেষণাৰ ক্ষেত্ৰত গাণিতিক জীৱবিজ্ঞানৰ তত্ত্বগত আৰু ব্যৱহাৰিক দুয়োটা দিশতে বহুল প্ৰয়োগ পৰিলক্ষিত হৈছে | উদাহৰণ স্বৰূপে, কোষ জীৱবিদ্যা (cell biology)-ত প্ৰটিনৰ মাজৰ আন্তঃআণৱিক বিক্ৰিয়াবিলাক সূচাবলৈ সাধাৰণতে কাৰ্টুনৰ দৰে আৰ্হি ব্যৱহাৰ কৰা হয়, যি জৈৱিক প্ৰক্ৰিয়াবোৰৰ প্ৰকৃত ছবিখন ফুটাই তুলিব নোৱাৰে | প্ৰকৃততে ইয়াক ফুটাই তুলিবলৈ হলে উপযুক্ত গাণিতিক আৰ্হিৰ সহায় লোৱা প্ৰয়োজন | জৈৱিক ক্ৰিয়া-প্ৰক্ৰিয়াবোৰ সাংখ্যিক ৰূপত প্ৰকাশ কৰিব পাৰিলে জৈৱিক পদাৰ্থৰ আন্তঃআণৱিক বিক্ৰিয়া আৰু তেনে বিক্ৰিয়াত প্ৰতিটো অণুৰ আচৰণ প্ৰকৃত ৰূপত ডাঙি ধৰিব পৰা যায় আৰু ফলত বিক্ৰিয়াবোৰৰ সম্ভাৱ্য পৰিণতি সম্বন্ধে আগতীয়াকৈ সঠিকৰূপে অনুমান কৰিব পৰা যায় |

Tuesday, October 4, 2011

ৰহস্যময় প্ৰিয়ন (Prion) – ৰোগ সৃষ্টি কৰিব পৰা প্ৰ’টিন

১৯৬০ চনত ৰশ্মি জীৱবিজ্ঞানী (radiation biologist) টিক্‌ভা এল্‌পাৰ (Tikvah Alper)  আৰু গণিতজ্ঞ জন ষ্টেন্‌লি গ্ৰিফিথে ট্ৰেন্‌মিচিবোল্‌ স্পঞ্জিফৰ্ম এন্‌চিফেল’পেথি (Transmissible Spongiform Encephalopathie) নামৰ এক ৰোগ সম্পৰ্কে এই ধাৰণা আগবঢ়াইছিল যে এই ৰোগ কেৱল প্ৰ’টিন বা শ্বেতসাৰেৰে গঠিত এক অণুজীৱই সৃষ্টি কৰে | তেওঁলোকৰ এই ধাৰণাৰ কাৰণ হ’ল এই যে- যি স্থলত সাধাৰণ যিকোনো অণুজীৱ‍ই ৰঞ্জন ৰশ্মি বা অতি-বেগুণীয়া ৰশ্মিৰ প্ৰভাৱতে ধ্বংস হয়, তেনে স্থলত ‘স্ক্ৰেপী’ (Scrapie) আৰু ‘ক্ৰুজফেল্‌ট জেকব ৰোগ’ (Creutzfeldt-Jakob Disease) আদিৰ দৰে কিছুমান ৰোগৰ সৈতে সংশ্লিষ্ট জীৱাণুবোৰক আনকি গামা-ৰশ্মিৰ দৰে অতি শক্তিশালী ৰশ্মিয়েও মাৰিব নোৱাৰে | তেওঁলোকে ধাৰণা কৰিছিল যে এই অণুজীৱ বিধ ভাইৰাছ বা বিষাণুতকৈও সৰু |
অৱশেষত ১৯৮২ চনত চান ফ্ৰান্সিস্ক’ৰ কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ষ্টেন্‌লি বি, প্ৰুচিনাৰে ঘোষণা কৰিলে যে তেওঁৰ দলে উক্ত প্ৰ’টিনবিধ আৱিষ্কাৰ কৰিছে আৰু ই প্ৰকৃততে এক বিশেষ ধৰণৰ প্ৰ’টিন | প্ৰায় দুবছৰৰ পাছত তেওঁলোকে এই কণাবিধ বিশুদ্ধ ৰূপত পাবলৈ সক্ষম হ’ল | প্ৰুচিনাৰেই এই বিধ ৰোগ সৃষ্টিকাৰী জীৱাণুৰ নাম দিলে ‘প্ৰিয়ন’ আৰু এই প্ৰিয়ন গঠিত কৰা বিশেষ প্ৰ’টিনবিধৰ নাম দিলে ‘প্ৰিয়ন প্ৰ’টিন’, চমুকৈ PrP | অৱশ্যে এই কথাও আৱিষ্কাৰ হ’ল যে এই প্ৰ’টিনবিধ সংক্ৰামক আৰু অসংক্ৰামক দুয়োটা ৰূপতে থাকিব পাৰে | এই শিহৰণকাৰী আৱিষ্কাৰৰ কাৰণে প্ৰুচিনাৰে ১৯৯৭ চনত শৰীৰবিদ্যা বা চিকিত্‌সা বিদ্যাৰ নোবেল বটা লাভ কৰিলে |
প্ৰিয়নৰ শাৰীৰিক গঠন:
        প্ৰিয়ন গঠিত কৰা প্ৰ’টিনবিধ মানুহ আৰু জন্তুৰ গোটেই শৰীৰতে, আনকি সুস্থ অৱস্থাতো, বিস্তৃত হৈ থাকে | অৱশ্যে, সংক্ৰামক অৱস্থাত ইহঁতৰ গঠন কিছু বেলেগ হয় আৰু তেতিয়া ইহঁতে সাধাৰণ অৱস্থাত সকলো প্ৰ’টিন ধ্বংস কৰিব পৰা ‘প্ৰ’টিয়েজ্‌’ নামৰ উত্‌সেচক (enzyme)ৰ প্ৰভাৱ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা লাভ কৰে | স্বাভাৱিক অৱস্থাত থকা প্ৰিয়ন প্ৰ’টিনক PrPC আৰু সংক্ৰামক অৱস্থাত প্ৰ’টিনবিধক PrPSc বোলা হয় | (C আখৰটোৱে 'cellular' বা কোষীয়, অথবা  'common' বা সাধাৰণ PrP, আৰু আনহাতে Sc য়ে 'scrapie' নামৰ ভেৰাৰ শৰীৰত হোৱা এবিধ ৰোগক সূচায়) |  PrPC আন আন স্বাভাৱিক প্ৰ’টিনৰ দৰেই নিৰ্দ্দিষ্ট গঠন-বিশিষ্ট; কিন্তু PrPSc-ৰ গঠন সুনিৰ্দ্দিষ্ট নহয় | প্ৰিয়ন প্ৰ’টিনক অন্য প্ৰ’টিনৰ দৰেই পৰীক্ষাগাৰত ভিন ভিন ৰূপলৈ ৰূপান্তৰিত কৰিব পাৰি | অৱশ্যে, ইয়াৰ বিভিন্ন ৰূপ আৰু তাৰ সৈতে ই সৃষ্টি কৰা ৰোগৰ সম্পৰ্ক সম্বন্ধে এতিয়াও বহুবোৰ কথা স্পষ্টভাৱে জানিব পৰা হোৱা নাই |
PrPC
PrPC মানুহ আৰু জন্তুৰ শৰীৰৰ বিভিন্ন কোষৰ আৱৰণত থকা এক স্বাভাৱিক প্ৰ’টিন | মানুহৰ দেহত থকা এনে প্ৰ’টিন মুঠ ২০৯ টা এমাইন’ এছিদ অণুৰে গঠিত, যাৰ আণৱিক ওজন ৩৫-৩৬ কিলো ডেল্টন | স্বাভাৱিক প্ৰিয়ন প্ৰ’টিনক সাধাৰণ প্ৰক্ৰিয়াৰে অৱচ্ছেদন (sedimentation) কৰিব নোৱাৰি, অৰ্থাত্‍ ইয়াক কেন্দ্ৰাপসাৰণ (centrifugation) প্ৰক্ৰিয়াৰে শোধিত কৰিব নোৱাৰি | ই তীব্ৰ আসক্তিৰে তাম বা ক’পাৰ আয়ন ধৰি ৰাখিব পাৰে | এই গুণটো PrPC গঠন বা ক্ৰিয়াৰ বাবে অপৰিহাৰ্য বুলি ভবা হয় | PrPC ক অতি সহজে প্ৰ’টিনেজ্‌ কে’ নামৰ উত্‌সেচকৰ সহায়ত ধ্বংস বা নিষ্ক্ৰিয় কৰি পেলাব পাৰি | আন্তঃকোষীয় বন্ধন আৰু সংযোগৰ ক্ষেত্ৰত PrPC য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ধাৰণা কৰা হৈছে |
PrPSc
PrPSc হ’ল PrPC ৰ সদৃশ ভিন্ন ৰূপৰ প্ৰ’টিন, যি PrPC-ক সংক্ৰামক ৰূপলৈ পৰিৱৰ্ত্তিত কৰিব পাৰে | জীৱকলাত এনে অস্বাভাৱিক প্ৰ’টিনৰ অত্যধিক সংগ্ৰহ বা অৱস্থিতিয়ে এমাইলয়দ নামৰ এক জটিল আঁহজাতীয় প্ৰ’টিনৰ জন্ম দিয়ে, যি কলাবোৰত এক চামনিৰ সৃষ্টি কৰে | অৱশ্যে এনে সংগ্ৰহ বা চামনিয়ে প্ৰকৃততে ৰোগ সৃষ্টিৰ ক্ষেত্ৰত কেনে ভূমিকা লয় সেয়া এতিয়াও ভালদৰে জানিবলৈ বাকী | প্ৰতিডাল আঁহ তাৰ গুৰিটোৰ সহায়ত আন এডাল আঁহৰ সৈতে লগ লাগিব পাৰে আৰু এনেদৰে ইহঁত বাঢ়ি গৈ থাকে |
প্ৰিয়ন প্ৰ’টিন আৰু দীৰ্ঘস্থায়ী স্মৃতি
এই কথা বৰ্ত্তমানে প্ৰমাণিত হৈছে যে স্বাভাৱিক অৱস্থাত প্ৰিয়ন প্ৰ’টিনে মানুহৰ দীৰ্ঘস্থায়ী স্মৃতি ৰক্ষাত সহায় কৰে | এই বিষয়ে অধিক গৱেষণা অব্যাহত আছে |

প্ৰিয়ন আৰু ৰোগ
        প্ৰিয়নে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অন্তৰ্গত কোষসমূহৰ বাহিৰত অৰ্থাত্‍ আন্তঃকোষীয় মজ্জাত সংগৃহীত হৈ স্নায়ুকলাৰ স্বাভাৱিক গঠন ব্যাহত কৰে আৰু স্নায়ুৰ অৱক্ষয়জনিত (neurodegerative) ৰোগৰ সৃষ্টি কৰে | ফলত মগজু আৰু স্নায়ৱিক কলাত সৰু-সৰু ফুটা সদৃশ ঘা হৈ কলাবোৰ স্প’ঞ্জৰ দৰে হৈ পৰে | যদিও প্ৰিয়নজনিত ৰোগৰ সংক্ৰমণ অতি মন্থৰ, এবাৰ লক্ষণ দেখা দিয়াৰ পাছত ৰোগটো ক্ষিপ্ৰতাৰে বাঢ়ি যায়, মগজুৰ অৱক্ষয় হয় আৰু ৰোগীয়ে সোনকালেই মৃত্যু মুখত পৰে | স্নায়ৱিক অৱক্ষয়ৰ সাধাৰণ লক্ষণসমূহ হ’ল মূৰ্চ্ছা যোৱা, স্মৃতি শক্তি ক্ৰমান্বয়ে কমি যোৱা, খোজ-কাটল আৰু কথা-বতৰাৰ সন্তুলন নোহোৱা হোৱা আৰু ব্যক্তিত্ব বা ব্যৱহাৰ-পাতিৰ পৰিৱৰ্ত্তন হোৱা |
        প্ৰিয়নজনিত সকলো ৰোগকে একেলগে ট্ৰেন্‌মিচিবোল্‌ স্পঞ্জিফৰ্ম এন্‌চিফেল’পেথি (Transmissible Spongiform Encephalopathies) বুলি কোৱা হয় | এনে সকলো ৰোগেই নিৰাময় কৰিব নোৱাৰা ধৰণৰ আৰু মাৰাত্মক | অৱশ্যে বিজ্ঞানীসকলে ইতিমধ্যে নিগনিৰ ক্ষেত্ৰত এনে ৰোগ প্ৰতিৰোধ কৰিব পৰা প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে | আশা কৰা যায় যে অদূৰ ভৱিষ্যতে মানুহৰ বাবেও এনে চিটা উপলভ্য হ’ব |
        প্ৰিয়ন প্ৰ’টিনে বিভিন্ন স্তন্যপায়ী জন্তুৰ দেহত ৰোগ সৃষ্টি কৰিব পাৰে আৰু ভিন ভিন জন্তুৰ শৰীৰত দেখা এনে প্ৰিয়ন প্ৰ’টিনবোৰৰ প্ৰকৃতিও বহু পৰিমাণে একে | কিন্তু এনে প্ৰ’টিনবোৰৰ মাজত থকা সূক্ষ্ম বৈচিত্ৰৰ বাবে এটা প্ৰজাতিৰ পৰা আনটো প্ৰজাতিলৈ প্ৰিয়নজনিত ৰোগ বিয়পাৰ সম্ভাৱনা কম | অৱশ্যে, মানুহৰ দেহত হোৱা ক্ৰুজ্‌ফেল্‌ট-জেকব ৰোগ গৰুৰ দেহত ব’ভাইন স্পঞ্জিফৰ্ম এন্‌চিফেল’পেথি (Bovine Spongiform Encephalophathie) নামৰ ৰোগ সৃষ্টিকাৰী প্ৰিয়নবিধৰ সংক্ৰমণৰ ফলত সৃষ্টি হয় বুলি ধাৰণা কৰা হৈছে, যি মাংসৰ জৰিয়তে বিয়পিব পাৰে |  

Thursday, January 20, 2011

‘জৈৱ তথ্য প্ৰযুক্তি’ – বিজ্ঞানৰ এক নতুন দিগন্ত

আপুনি বাৰু পৃথিৱীৰ কিমান বিধ প্ৰাণী অথবা উদ্ভিদৰ নাম ক’ব পাৰিব? বোধকৰোঁ জানি আচৰিত হ’ব যে পৃথিৱীত এতিয়ালৈকে এক নিযুততকৈও অধিক ভিন্ন প্ৰজাতিৰ প্ৰাণী তথা উদ্ভিদ আৱিষ্কৃত হৈছে | আধুনিক বিজ্ঞানৰ ন ন পদ্ধতিৰ প্ৰয়োগেৰে বিজ্ঞানী সকলে এই বিচিত্ৰ জীৱ জগতৰ বিষয়ে নিতৌ নতুন তথ্যৰ সন্ধান কৰিব লাগিছে | বৈজ্ঞানিক অনুসন্ধান আৰু সুপৰিকল্পিত গৱেষণাৰ পৰা আহৰণ কৰা এনে বিশাল পৰিসৰৰ বৈচিত্ৰপূৰ্ণ তথ্যৰাজিৰ প্ৰণালীৱদ্ধ সংগ্ৰহ, শৃংখলাৱদ্ধ অধ্যয়ন আৰু বিশ্লেষণ তথা সঠিক মূল্যায়নৰ ওপৰতে নিৰ্ভৰ কৰিছে তেনে অনুসন্ধানৰ সফলতা | আনহাতে ইয়াৰ ওপৰতে নিৰ্ভৰ কৰিছে মানৱ জাতিৰ সামগ্ৰিক ভৱিষ্যত |

কুৰি শতিকাৰ শেষৰ ফালে জীৱ বিজ্ঞানৰ নানান দিশত হোৱা ক্ষিপ্ৰ বিকাশৰ ফলস্বৰূপে গৱেষণালব্ধ তথ্যৰ বিশালতাও আকাশলঙ্ঘী হৈ পৰিল | ফলত এনে বিচিত্ৰ আৰু বিশাল তথ্যৰাজিৰ অধ্যয়ন, বিশ্লেষণ আৰু মূল্যায়নো কেৱল মানুহৰ মগজুৰে কৰা প্ৰায় অসম্ভৱ হৈ উঠিল | সেয়েহে বিজ্ঞানীসকলে জীৱবিজ্ঞানত কম্পিউটাৰ প্ৰয়োগৰ বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে | তাৰ ফলশ্ৰুতিতে বিজ্ঞানৰ এক নতুন শাখাৰ আবিৰ্ভাৱ হ’ল – ‘জৈৱ তথ্য প্ৰযুক্তি’ অথবা বায়’ইন্‌ফৰ্মেটিক্স |

বায়’ইন্‌ফৰ্মেটিক্স হ’ল বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন শাখাৰ সংমিশ্ৰণ আৰু সহযোগিতাৰ মাজেৰে গঢ় লৈ উঠা এনে এক মাধ্যম, য’ত জীৱ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ উপৰিও ভৌতিক বিজ্ঞানৰ বিভিন্ন শাখা, যেনে – পদাৰ্থবিজ্ঞান, ৰসায়ন, গণিত শাস্ত্ৰ, পৰিসংখ্যা বিজ্ঞান আদিৰো গুৰুত্বপূৰ্ণ অৱদান অপৰিহাৰ্য্য | ‘জৈৱ তথ্য প্ৰযুক্তি’ৰ বিকাশৰ ফলত জীৱদেহৰ জটিল প্ৰক্ৰিয়াসমূহ সঠিকভাৱে অনুধাৱন কৰাটো সহজ হৈ উঠিছে আৰু এনে জ্ঞানৰ প্ৰয়োগে বিশেষকৈ কৃষি, স্বাস্থ্যখণ্ড আৰু ভেষজ বিজ্ঞানৰ দিশত অভুতপূৰ্ব্ব পৰিৱৰ্ত্তনৰ সূচনা কৰিবলৈ সক্ষম হৈছে |

বিজ্ঞানীসকলে এই কথা বিশ্বাস কৰে যে সমগ্ৰ জীৱজগতৰ সৃষ্টি আদিতে কোনো এক এককোষী জীৱৰ পৰাই হৈছিল আৰু কালক্ৰমত বিৱৰ্ত্তনৰ মাজেদি বৈচিত্ৰময় জীৱজগতৰ বিচিত্ৰ শাৰীৰিক তথা আভ্যন্তৰিক গুণ-বিশিষ্ট বিভিন্ন জাতি-প্ৰজাতিৰ উদ্ভৱ হৈছে | সকলো জীৱৰে শাৰীৰিক গঠন আৰু কাৰ্য্যৰ একক হ’ল কোষ | মানুহৰ শৰীৰত এনে প্ৰায় ৩০ নিযুত নিযুত নিযুত (30 x 1018) টা কোষ থাকে | কোষ এটাৰ সমস্ত কৰ্মকাণ্ড নিয়ন্ত্ৰিত হয় কোষকেন্দ্ৰত থকা ডি, এন্‌, এ অৰ্থাত্ deoxyribonucleic acid এৰে গঠিত বংশগতিসূত্ৰৰ দ্বাৰা | কিন্তু ডি, এন্‌, এৰে গঠিত দুডাল পকোৱা সূতাৰ আকৃতিৰ এই সূত্ৰ‍ই কেনেকৈ কোষ এটাৰ কৰ্মকাণ্ড আৰু বিভিন্ন অংশৰ গঠন অতি কুশলতাৰে নিয়ন্ত্ৰিত কৰে অথবা এটা জীৱৰ শৰীৰৰ সকলো কোষত থকা ডি, এন্‌, এ হুবহু একে হোৱা স্বত্তেও শৰীৰৰ বিভিন্ন কলাৰ নাইবা একেবিধ কলাৰ ভিন ভিন কোষৰ কাৰ্য্যকলাপ কিয় বা কেনেকৈ বেলেগ বেলেগ হয়, এইবিলাক একোটা জটিল প্ৰশ্ন |

এটা কোষত থকা আটাইখিনি ডি, এন্‌, এক একেলগে ‘জিনম্‌’ (Genome) বোলা হয় আৰু ডি, এন্‌, এৰ একোটা অংশ, যি কোষৰ ৰাইব’জ’মত একোবিধ প্ৰ’টিনৰ সংশ্লেষণ নিয়ন্ত্ৰণ কৰে, তাক ‘জিন্‌’ বোলা হয় | ডি, এন্‌, এ গঠিত হয় চাৰিবিধ নিউক্লিয়’টাইদৰ দ্বাৰা | আনহাতে, এই চাৰিবিধ নিউক্লিয়’টাইদৰ মূল পাৰ্থক্য হ’ল ইহঁতক গঠন কৰা চাৰিবিধ নাইট্ৰ’জেনযুক্ত আধাৰ, যাৰ নাম হ’ল- এডিনিন্‌, গুৱানিন্‌, চাইট’চিন্‌ আৰু থাইমিন্‍ |  

১৯৯০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ পৃষ্ঠপোষকতাত বিশ্বৰ মুঠ ২০ টা বিজ্ঞানীৰ দলে একে সময়তে এক অভিলাসী আঁচনি ৰূপায়নৰ কাম হাতত লয় | আঁচনিখনৰ নাম আছিল -Human Genome Project”| এই আঁচনিৰ মূল উদ্দেশ্য আছিল মানৱ কোষৰ ডি, এন্‌, এ গঠিত কৰা আটাইবিলাক নিউক্লিয়’টাইদৰ সম্পূৰ্ণ শৃংখল আৱিষ্কাৰ কৰা আৰু আটাইবোৰ জিন চিনাক্ত কৰা | উল্লেখনীয় যে পোনতে যদিও আঁচনিখন সম্পূৰ্ণ কৰাৰ বাবে ১৫ বছৰৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল, বিজ্ঞানী সকলৰ অতুলনীয় কৰ্ম্যোদমৰ পৰিপ্ৰেক্ষিতত সময়তকৈ ২ বছৰ আগেয়ে অৰ্থাত্‌ ২০০৩ চনৰ অক্টোবৰ মাহতে আঁচনিখনৰ কাম শেষ হয় | অৱশ্যে এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘চেলেৰী’ নামৰ এক ব্যক্তিগত উদ্যোগ প্ৰতিষ্ঠানৰ বিজ্ঞানী সকলৰ অৱদানো প্ৰণিধানযোগ্য |

Human Genome Project”ৰ সফল পৰিসমাপ্তিৰ ফলত মানৱ দেহৰ ডি, এন্‌, এ সম্পৰ্কে বহুতো নতুন তথ্য পোহৰলৈ আহে | মানৱ কোষৰ ডি, এন্‌, এৰ দৈৰ্ঘ্য ৩৩০০ মেগাবেচ্‌ অৰ্থাত্‌ একোডাল সূত্ৰ প্ৰায় 3.3 x 109 টা নিউক্লিয়’টাইদৰ সমষ্টি | কিন্তু যেতিয়া এই সমস্ত দৈৰ্ঘ্যত অৱস্থিত জিন্‌সমূহ চিনাক্ত কৰা হ’ল, তেতিয়া দেখা গ’ল যে সমগ্ৰ ডি, এন্‌, এৰ মাত্ৰ শতকৰা ২-৩ অংশহে জিন্‌সমূহে অধিকাৰ কৰি আছে | অৰ্থাত্‌ বাকী প্ৰায় ৯৭-৯৮ শতাংশ আপাততঃ কামত নহা অলাগতীয়াল অংশ | কিন্তু পৰৱৰ্ত্তী কালৰ গৱেষণাত এনে তথাকথিত অলাগতীয়াল অংশসমূহ আঁতৰ কৰিবলৈ কৰা প্ৰচেষ্টাৰ ফলত দেখা গ’ল যে কোষবোৰৰ জীৱিত অৱস্থা অটুত ৰখাৰ কাৰণে এনে অংশসমূহ অপৰিহাৰ্য্য | কোষীয় জিনমৰ গাঁঠনিৰ বাবে, আৰু ততোধিক ডি, এন্‍, এৰ পৰিৱৰ্দ্ধন আৰু জিনৰ প্ৰকাশ নিয়ন্ত্ৰণৰ বাবে এনে তথাকথিত অলাগতীয়াল অংশসমূহৰ নিতান্ত প্ৰয়োজন |

আদিতে ধাৰণা কৰা হৈছিল যে জীৱৰ বিকাশৰ স্তৰ অথবা জীৱৰ ক্ৰমবিকাশৰ ধাৰাত একোবিধ জীৱৰ আপেক্ষিক অৱস্থান নিৰ্ভৰ কৰে জিনমৰ দৈৰ্ঘ্যৰ ওপৰত | কাৰণ পোনতে যেতিয়া মানৱ কোষৰ জিনমৰ দৈৰ্ঘ্য নিৰূপণ কৰা হৈছিল, তেতিয়ালৈকে জ্ঞাত আন সকলোবোৰ জীৱৰ জিনমৰ মুঠ দৈৰ্ঘ্যতকৈ মানৱ জিনমৰ দৈৰ্ঘ্য প্ৰায় ২৫ গুণ অধিক আছিল | কিন্তু পৰৱৰ্ত্তী কালত দেখা গ’ল নিগনিৰ জিনম দৈৰ্ঘ্য  ৩০০০ মেগাবেচ, অৰ্থাত্‌ প্ৰায় মানুহৰ সমতুল্য | আনহাতে, তৃণজাতীয় উদ্ভিদ ঘেঁহুৰ জিনম দৈৰ্ঘ্য ১৩,৫০০ মেগাবেচ, অৰ্থাত্‍ মানুহতকৈ প্ৰায় ৪.৫ গুণ অধিক | তদুপৰি, ‘এমিবা দুবিয়া’ নামৰ এবিধ এককোষী জীৱৰ জিনম দৈৰ্ঘ্য মানুহতকৈ প্ৰায় ২০০ গুণ অধিক | গতিকে জীৱৰ বিকাশৰ স্তৰ প্ৰকৃততে এক অতিশয় জটিল প্ৰক্ৰিয়াৰ ওপৰতহে নিৰ্ভৰশীল, কেৱল জিনম দৈৰ্ঘ্যৰ ওপৰত নহয় |

Human Genome Project” ৰ পৰিণতিত আৱিষ্কৃত অন্য এক তথ্য হ’ল – মানৱ কোষত মুঠ প্ৰায় ৩০,০০০ৰ পৰা ৪০,০০০ জিন থাকে | এতিয়া আমি জানো যে এনে প্ৰতিটো জিনে কোষৰ ভিতৰত একো একোবিধ প্ৰ‘টিনৰ সংশ্লেষণ নিয়ন্ত্ৰণ কৰে | সেয়েহ’লে, মানৱ কোষত এনে বৃহত্‌ সংখ্যক বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন সংশ্লেষিত হয় আৰু এনে প্ৰতিবিধ প্ৰ’টিনে জীৱকোষত একোটা বিশেষ কাৰ্য্য সম্পাদন কৰে | পৰম্পৰাগত গৱেষণা পদ্ধতি প্ৰয়োগ কৰি কেৱল মানৱ কোষৰ জিনসমূহৰ প্ৰকৃতি আৰু প্ৰকাশ সম্বন্ধে সম্যক জ্ঞান আহৰণ কৰিবলৈকে হয়তো বহু বছৰৰ প্ৰয়োজন হ’লহেঁতেন | কিন্তু জৈৱ তথ্য প্ৰযুক্তিৰ বিকাশে বিজ্ঞানীসকলৰ এই কাম ক্ষিপ্ৰ আৰু তুলনামূলকভাৱে সহজ কৰি তুলিছে |

আগেয়ে কোৱা হৈছে যে কোষত সংশ্লেষিত প্ৰ’টিনৰ গঠন অৰ্থাত্‍ এমাইন’ এচিদৰ শৃংখল প্ৰ’টিন্বিধৰ সংশ্লেষণ নিয়ন্ত্ৰণ কৰা জিনৰ নিউক্লিয়’টাইদ শৃংখলৰ ওপৰত নিৰ্ভৰ কৰে | গতিকে, কোষকেন্দ্ৰৰ নিউক্লিয়’টাইদ শৃংখল জানিলে প্ৰতিটো জিনে নিয়ন্ত্ৰণ কৰা প্ৰ’টিনৰ এমাইন’ এচিদৰ শৃংখল সঠিককৈ নিৰূপণ কৰিব পৰা যায় | কম্পিউটাৰ চফট্‌ৱেৰৰ প্ৰয়োগে জীৱকোষৰ জিনমৰ জিন্‌ চিনাক্ত কৰা অতি সহজ কৰি তুলিছে | প্ৰ’টিনৰ এমাইন’ এচিদৰ শৃংখলৰ সৈতে ইয়াৰ আকাৰ-আকৃতি আৰু ইয়াৰ ভৌতিক গঠন ওতঃপ্ৰোত ভাৱে জড়িত | অন্যহাতে, প্ৰ’টিনৰ ভৌতিক গঠনৰ ওপৰতে নিৰ্ভৰ কৰিছে ইয়াৰ গুণাগুণ আৰু কাৰ্য্য বা ক্ৰিয়াকলাপ | সেয়েহে, এতিয়া জীৱকোষৰ ক্ৰিয়া-বিক্ৰিয়াৰ অনুসন্ধান আৰু গৱেষণাৰ ক্ষেত্ৰত জৈৱ তথ্য প্ৰযুক্তিৰ আধুনিক কৌশল সমূহ বহুলভাৱে ব্যৱহৃত হ’বলৈ ধৰিছে |

মানুহ তথা জীৱ-জন্তুৰ ৰোগৰ চিকিত্‌সাৰ বাবে বৱহাৰ কৰা ঔষধসমূহৰ কাৰ্য্যকাৰিতা নিৰ্ভৰ কৰে ঔষধসমূহ জীৱদেহৰ নিৰ্দ্দিষ্ট লক্ষ্যস্থানত উপনীত হৈ কোষৰ উপৰিভাগত থকা নিৰ্দ্দিষ্ট প্ৰ’টিন কণাৰ সৈতে লগ লাগিব পৰাৰ ওপৰত | ঔষধ আৰু প্ৰ’টিন কণাৰ মাজৰ এই বিক্ৰিয়া অতি সুনিৰ্দ্দিষ্ট আৰু স্পৰ্শকাতৰ | ই দুয়োবিধ কণাৰ সূক্ষ্ম ভৌতিক আকৃতিৰ ওপৰত নিৰ্ভৰশীল | আধুনিক জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগে জীৱকোষৰ উপৰিভাগত থকা এনেবিলাক গ্ৰহণকাৰী কণাৰ আণৱিক প্ৰকৃতি নিৰূপণ কৰাৰ লগতে কম্পিউটাৰ আৰ্হি বা মডেলৰ জৰিয়তে এনে কণাৰ সৈতে সুনিৰ্দ্দিষ্টকৈ খাপ খোৱা ঔষধ নিৰূপণ কৰাটো‍ও সম্ভৱ কৰি তুলিছে | ইয়ে অদূৰ ভৱিষ্যতে এক ব্যক্তিসাপেক্ষ (Personalized) অতি কাৰ্য্যকৰী চিকিত্‌সা পদ্ধতিৰ জৰিয়তে মানুহ আৰু জীৱ-জন্তুৰ ৰোগৰ নিৰাময়ৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে | ভৱিষ্যতে হয়তো আপুনি আপোনাৰ চিকিত্‌সকৰ পৰামৰ্শ ল’বলৈ যাওঁতে দেখাপাব চিকিত্‌সকে প্ৰথমে আপোনাৰ তেজৰ অথবা দেহৰ ৰোগাক্ৰান্ত অংশৰ নমুনা সংগ্ৰহ কৰি প্ৰথমে কোষৰ নিউক্লিয়’টাইদ শৃংখল নিৰ্ণয় কৰি কম্পিউটাৰৰ সহায়ত তাৰ বিশ্লেষণ কৰিছে আৰু এই বিশ্লেষণৰ ফলাফলৰ ভিত্তিত আপোনাৰ উপযোগীকৈ নিৰ্দ্দিষ্ট ঔষধ ল’বলৈ আপোনাক পৰামৰ্শ দিছে | উল্লেখ নকৰিলেও হ’ব যে এনে চিকিত্‍সা হ’ব ১০০ শতাংশই কাৰ্য্যকৰী | আহক, আমি সকলোৱে বাঞ্ছা কৰোঁ আমাৰ জীৱন কালতে যেন ই সম্ভৱ হৈ উঠে |

জীৱৰ বংশগতি অৰ্থাত্‌ এটা প্ৰজন্মৰ পৰা তাৰ পাছৰ প্ৰজন্মলৈ আনুবংশিক ভাৱে গুণাৱলীৰ প্ৰবহন প্ৰক্ৰিয়া নিৰ্ভৰ কৰে কোষকেন্দ্ৰৰ নিউক্লিয়’টাইদ শৃংখল অথবা পূৰ্বে উল্লেখিত নাইট্ৰ’জেনযুক্ত আধাৰ চাৰিবিধৰ সাজোনৰ ওপৰত অৰ্থাত্‌ আধাৰ চাৰিবিধ কি ক্ৰমত সজোৱা আছে, তাৰ ওপৰত | আনহাতে, এই শৃংখলেই নিৰূপণ কৰে প্ৰজাতি ভেদে জীৱৰ শাৰীৰিক গঠন আৰু স্বৰূপ | সেয়েহে আধুনিক জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগে নিউক্লিয়’টাইদ শৃংখলৰ ওপৰত আধাৰ কৰি জীৱ আৰু অনুজীৱৰ তুলনামূলক অধ্যয়নৰ জৰিয়তে ইহঁতৰ মাজৰ সম্পৰ্ক আৰু ক্ৰমবিৱৰ্ত্তনজনিত আনুবংশিক অৱস্থান নিৰ্ণয় কৰাটো ক্ষিপ্ৰ আৰু সহজসাধ্য কৰি তুলিছে | উদাহৰণ স্বৰূপে, ২০০৯ চনৰ এপ্ৰিল মাহত পোন প্ৰথমবাৰৰ বাবে মেক্সিকোত দেখা দিয়া H1N1 ইন্‌ফ্লুৱেঞ্জা অৰ্থাত্‍ তথাকথিত ‘ছোৱাইন ফ্লু’ ৰোগৰ কাৰক ভাইৰাছবিধৰ সম্পূৰ্ণ জিনমৰ আৱিষ্কাৰ মাত্ৰ চাৰিমাহৰ ভিতৰতে সম্ভৱ হৈ উঠিল আৰু জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত আৱিষ্কৃত হ’ল যে উক্ত ভাইৰাছবিধ প্ৰকৃততে দুই প্ৰকাৰৰ ছোৱাইন ফ্লু ভাইৰাছ, এবিধ মানুহৰ ফ্লু ভাইৰাছ আৰু এবিধ চৰাইৰ ফ্লু ভাইৰাছৰ সংমিশ্ৰিত ৰূপ | আনহাতে, জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ বাবেই এই নতুন ভাইৰাছ বিধত থকা বিভিন্ন প্ৰ’টিন কণাৰ ক্ষিপ্ৰ অধ্যয়নৰ জৰিয়তে বিজ্ঞানীসকলে ইয়াৰ প্ৰতিষেধক চিটা উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে |

জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ অন্য এক প্ৰধান ক্ষেত্ৰ হ’ল ৰোগ সৃষ্টিকাৰী অনুজীৱৰ নিউক্লিয়’টাইদ শৃংখলৰ অধ্যয়নৰ জৰিয়তে কোনো এক ভৌগোলিক অঞ্চলত দেখা দিয়া সংক্ৰামক মহামাৰীৰ উত্‌স তথা বিস্তাৰণৰ প্ৰকৃতি সঠিককৈ নিৰ্ণয় কৰা, অনুজীৱ বিজ্ঞানৰ পৰিভাষাত যাক Molecular Epidemiology  বোলা হয় | ইয়াৰ ফল স্বৰূপে মহামাৰীৰ উপযুক্ত প্ৰতিকাৰ আৰু প্ৰতিষেধন ব্যৱস্থা উদ্ভাৱন কৰা সম্ভৱ হৈ উঠে |

জীৱ বিজ্ঞানৰ ন ন অনুসন্ধান আৰু গৱেষণাৰ পৰা উদ্ভূত বিশাল আৰু বিচিত্ৰ বৈজ্ঞানিক তথ্যৰাজিৰ শৃংখলাৱদ্ধ সংগ্ৰহ আৰু প্ৰণালীৱ্দ্ধ সংৰক্ষণৰ বাবে জৈৱ তথ্য প্ৰযুক্তিৰ এক অন্যতম উপাদান হ’ল তথ্য ভাণ্ডাৰ অৰ্থাত্‌ ‘ডাটাবেছ’ গঠন কৰা, যাতে এনে তথ্য ভাণ্ডাৰৰ পৰা বিজ্ঞানীসকলে প্ৰয়োজন অনুসৰি আৱশ্যকীয় তথ্য সহজে আহৰণ কৰিব পাৰে | ইণ্টাৰ্‌নেট প্ৰযুক্তিৰ বিকাশে জৈৱ তথ্য প্ৰযুক্তিৰ এই উপাদানৰ সামগ্ৰিক বিকাশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে | বৰ্ত্তমান এনে ধৰণৰ এক বৃহত্‌ সংখ্যক তথ্য ভাণ্ডাৰ ইণ্টাৰ্‌নেটত বিনামূল্যে উপলদ্ধ, যাৰ জৰিয়তে বিশ্বৰ সকলো অঞ্চলৰ বিজ্ঞানীসকলৰ গৱেষণা কাৰ্য্যত ইয়াৰ প্ৰয়োগ সম্ভৱ হৈ উঠিছে | ইয়াৰ ফলস্বৰূপে জীৱবিজ্ঞানৰ ক্ষিপ্ৰ বিকাশ সম্ভৱপৰ হৈছে |  

মুঠৰ ওপৰত ক’বলৈ হ’লে আধুনিক জৈৱ তথ্য প্ৰযুক্তিৰ প্ৰয়োগে জীৱজগতৰ ক্ৰিয়া-বিক্ৰিয়াৰ গোপন তথা জটিল তথ্যসমূহৰ যথাযোগ্য অনুধাৱন আৰু বিশ্লেষণ ক্ৰমান্বয়ে সহজসাধ্য কৰি তুলিছে | আশা কৰিব পাৰি যে জৈৱ তথ্য প্ৰযুক্তিৰ অধিক বিকাশ আৰু বহুল প্ৰয়োগে অদূৰ ভৱিষ্যতে জীৱজগত সম্পৰ্কে মানৱ জাতিৰ জ্ঞান বৃদ্ধি কৰাৰ লগতে মানুহৰ বহুতো জটিল সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰি তুলিব | কৃষি, স্বাস্থ্য, ভেষজবিজ্ঞান তথা আন আন ক্ষেত্ৰত ইপ্সিত বিকাশ সম্ভৱ হৈ উঠিব আৰু মানৱ জীৱন অধিক সূচল আৰু সুখকৰ হ’ব |

Wednesday, January 19, 2011

পাস্কেলৰ ত্ৰিভূজ

পাস্কেলৰ ত্ৰিভূজ হ’ল এটা গাণিতিক ত্ৰিভূজ যিটোৰ সহায়ত কিছুমান গণিতীয় সমাধান কৰিব পাৰি | ত্ৰিভূজটো তলত দিয়া ধৰণে গঠন কৰিব পাৰি |

ধৰা হওক আমি একেবাৰে ওপৰৰ দুটা শাৰীৰ পৰা আৰম্ভ কৰিলো | তেন্তে পৰৱৰ্তী শাৰীটোৰ প্ৰতিটো ঘৰ গঠন কৰিবলৈ আমি তাৰ ওপৰৰ দুটা ঘৰলৈ মন কৰিব লাগিব অৰ্থাত্‍ ঠিক ওপৰতে থকা ঘৰটো আৰু তাৰ সোঁফালে থকাটো, আকৌ ওপৰৰ ঘৰটো আৰু তাৰ বাওঁফালে থকাটো | প্ৰতিটো শাৰীৰ আৰম্ভণি আৰু শেষত কেৱল এটা সংখ্যা থাকিলে ১ বহুৱাব লাগিব | এই নিয়মটো প্ৰথমটো নিয়মৰে অন্তৰ্ভুক্ত বুলি ধৰিব পাৰি | উদাহৰণ স্বৰূপে, যিকোনো শাৰীৰ প্ৰথম ১ টো পাবলৈ আমি ওপৰৰ সংখ্যাটো আৰু তাৰ বাওঁফালে থকাটো যোগ কৰিব লাগিব | যিহেতু তাত কোনো সংখ্যা নাই, গতিকে ০ যোগ কৰিব লাগিব আৰু যোগফলটো ১ হ’ব | ঠিক সেইদেৰে সোঁফালৰ ঘৰটোৰ ক্ষেত্ৰতো যোগফল ১ হ’ব |

যেতিয়া কোনোৱে পাস্কেলৰ ত্ৰিভূজৰ যিকোনো এটা ঘৰৰ সংখ্যাটোৰ কথা কয়, তেতিয়া তেওঁ শাৰীৰ ক্ৰমিক সংখ্যা আৰু সেই শাৰীৰ নিৰ্দ্দিষ্ট স্থানৰ বিষয়ে ক’ব লাগিব | কিন্তু শাৰী আৰু স্থানৰ গন্তি ০ ৰ পৰা আৰম্ভ কৰিব লাগিব | এইদৰে হিচাব কৰি ওপৰৰ চিত্ৰলৈ চালে দেখা যাব যে ২০ সংখ্যাটো ৬ নম্বৰ শাৰীৰ ৩ নম্বৰ স্থানত আছে | এনেকৈয়ে পাস্কেলৰ ত্ৰিভূজটো অতি সহজে গঠন কৰিব পৰা যায় |

পাস্কেলৰ ত্ৰিভূজৰ ব্যৱহাৰ

পাস্কেলৰ ত্ৰিভূজটো কেৱল এটা বহুত সংখ্যা থকা ত্ৰিভূজ নহয় | প্ৰধানকৈ দুটা ক্ষেত্ৰত ই ব্যৱহাৰ হয় - বীজগণিত আৰু সম্ভাব্যতাৰ অধ্যয়নত |

বীজগণিতত পাস্কেলৰ ত্ৰিভূজৰ ব্যৱহাৰ

ধৰাহ’ল আমি ৰাশিটো তাৰ কোনো এক ঘাটত প্ৰকাশ কৰিব বিচাৰিছোঁ, যেনে: ঘাট ১,২,৩,৪ ... ইত্যাদি | যদি আমি প্ৰকৃততে এইধৰণে বীজগণিতীয় পদ্ধতিৰে গণনা কৰি প্ৰকাশ কৰোঁ ফলবোৰ তলত দিয়াৰ দৰে হ’ব -

   (x+1)^0 =                        1
   (x+1)^1 =                   1    +    x
   (x+1)^2 =              1    +   2x    +    x^2
   (x+1)^3 =          1   +   3x    +   3x^2  +    x^3
   (x+1)^4 =      1   +  4x    +   6x^2  +   4x^3  +    x^4
   (x+1)^5 =  1   +  5x   +  10x^2  +  10x^3  +   5x^4  +    x^5 .....
এতিয়া আমি যদি প্ৰতিটো ৰাশিৰ সহগ বিলাকলৈ মন কৰোঁ আমি দেখিম আমি এই সংখ্যাবোৰ পাস্কেলৰ ত্ৰিভূজত পোৱা সংখ্যাবোৰৰ দৰে একে | এই সাদৃশ্যৰ বাবেই পাস্কেলৰ ত্ৰিভূজৰ ঘৰবিলাকত থকা সংখ্যাবোৰক দ্বিপদ সহগ (binomial coefficient) বোলা হয় |

এই বোৰক এটা সৰল সূত্ৰৰ সহায়ত নিৰূপণ কৰিব পাৰি -
             n!
   [n:k] = --------
           k! (n-k)!
                         6 * 5 * 4 * 3 * 2 * 1
   For example, [6:3] = ------------------------  =  20. 
                         3 * 2 * 1 * 3 * 2 * 1

সম্ভাব্যতাৰ ক্ষেত্ৰত পাস্কেলৰ ত্ৰিভূজৰ ব্যৱহাৰ:

সম্ভাব্যতাৰ ক্ষেত্ৰত পাস্কেলৰ ত্ৰিভূজৰ ব্যৱহাৰ কৰি জোঁট বা নিৰ্ণয় কৰিব পাৰি | ধৰাহওক, এটা পাছিত পাঁচটা টুপী আছে আৰু আমি জানিব খুজিছো তাৰে দুটা টুপী একেবাৰতে লৈ মুঠ কিমান ধৰণে টুপী কেইটা বাচিব পৰা যাব | অৰ্থাত্‍ আমাৰ প্ৰশ্নটো হ’ল পাঁচটা বস্তুৰ মাজৰ পৰা দুটা কিমান বেলেগ বেলেগ ধৰণে চয়ন কৰিব পৰা যায় ?

উত্তৰটো হ`ল - পাস্কেলৰ ত্ৰিভূজৰ ৫ নং শাৰীৰ ২ নং স্থানত থকা সংখ্যাটো, অৰ্থাত্‍ ১০ | মনত ৰখা দৰকাৰ যে ত্ৰিভূজৰ একেবাৰে শীৰ্ষত থকা ১ টোৰ শাৰী নং ০-হে ১ নহয় |

চয়নৰ এই ধৰ্মৰ কাৰণে ৬:৩ টো পঢ়া হয় ৬ চয়ন ৩ বা হিচাবে | যদি আমি সেই পাঁচটা টুপীৰ মাজৰ পৰা দুটা টুপীৰ এটা নিৰ্দ্দিষ্ট  যোৰা চয়ন কৰিব খোজোঁ, তেন্তে তাৰ সম্ভাব্যতা হ’ব ১/১০ |

১৬৫৪ চনতে ব্লেইজ পাস্কেলে জুৱা খেলৰ পাশাগুটিটোৰ  ভিন ভিন সংখ্যা পৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা নিৰীক্ষা চলাইছিল আৰু এই বিষয়ে পীয়েৰ দি ফৰ্মেটৰ সৈতে তেওঁ কৰা আলোচনাৰ পৰাই সম্ভাব্যতাৰ সুত্ৰৰ ভেঁটি তৈয়াৰ হয় বুলি জনা যায় |

ত্ৰিকোণী সংখ্যা আৰু ফিবোনাচি সংখ্যা

পাস্কেলৰ ত্ৰিভূজৰ সহায়ত ত্ৰিকোণী সংখ্যা আৰু ফিবোনাচি সংখ্যাও নিৰ্ণয় কৰিব পাৰি | ত্ৰিকোণী সংখ্যা সহজেই উলিয়াব পাৰি - বাওঁফালৰ তৃতীয়টো সংখ্যাৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে সোঁফালে তললৈ চালে পোৱা যায় ১,৩,৬,১০ ইত্যাদি | এই বিলাকেই হ’ল ত্ৰিকোণী সংখ্যা |

অন্যহাতে ফিবোনাচি সংখ্যা নিৰ্ণয় কৰা পদ্ধতিটো কিছু জটিল | ইহঁতক উলিয়াবলৈ তলত দেখুওৱাৰ দৰে কোণীয়া-কোণীকৈ যাব লাগিব | অৰ্থাত্‍ আমি বিচৰা সংখ্যাবোৰ হ’ব - ১, ১, ১+১, ১+২, ১+৩+১, ১+৪+৩, ১+৫+৬+১ ইত্যাদি |
 

জ্যামিতিৰ বিকাশৰ ইতিহাস

খৃষ্টপূৰ্ব ৩০০ মানতে জ্যামিতি বিষয়টো সুপ্ৰতিষ্ঠিত আছিল বুলি ধৰা হয়, কিয়নো সেই সময়তে গ্ৰীক গণিতজ্ঞ ইউক্লিডে তদানীন্তন উপলব্ধ এই বিষয়ৰ সকলো তথ্য একত্ৰিত কৰি আৰু তাত তেওঁৰ নিজা বৰঙণি  যোগ দি ৪৬৫ টা এই সংক্ৰান্তীয় প্ৰস্তাৱনা অথবা সূত্ৰ অন্তৰ্ভুক্ত কৰি ১৩ খন কিতাপ লিখিছিল | এই কিতাপকেইখনৰ শীৰ্ষক আছিল "মৌল" | কিতাপকেইখনে কেৱল সৰল আৰু জটিল জ্যামিতিৰ উপৰিও বৰ্তমানে বীজগণিত, ত্ৰিকোণমিতি আৰু উচ্চ গণিত হিচাবে জনা গণিতৰ বিভিন্ন শাখাও সামৰি লৈছিল | যুগ যুগ ধৰি এই প্ৰস্তাৱনাসমূহ পুনৰালোচনা অথবা বিভিন্ন ধৰণে প্ৰমাণিত কৰাৰ প্ৰয়াস চলি আহিছে; কিন্তু "মৌল" নামৰ পুথিখনত উল্লেখিত মূল ধাৰণাসমূহ অপৰিবৰ্তিত হৈয়ে আছে |

খৃষ্টপুৰ্ব ৩০০ তো জ্যামিতিক কেৱল গণিতজ্ঞ সকলৰ কাৰণেহে বুলি ভবা হোৱা নাছিল | জ্যামিতিৰ প্ৰাথমিক জ্ঞানৰ জৰিয়তে যিকোনো মানুহেই লাভবান হ’ব পাৰে | যিকোনো বিষয় কিদৰে যুক্তি সহকাৰে বিচাৰ কৰিব লাগে, কোনো এটা বিষয় কিদৰে সংক্ষিপ্তকৈ প্ৰকাশ কৰিব পৰা যায় আৰু বিশেষকৈ যিকোনো তত্ত্ব কিদৰে যুক্তি-প্ৰমাণেৰে সাব্যস্ত কৰিব পাৰি, সেই কথা জ্যামিতিৰ জ্ঞানে ভালদৰে শিকায় |

প্ৰাচীন কালত জ্যামিতিক শিক্ষাৰ এটা অবিচ্ছেদ্য অঙ্গ হিচাবে ধৰা হৈছিল | গ্ৰীক দাৰ্শনিক সকলে এই মত পোষণ কৰিছিল যে ইউক্লিডৰ "মৌল"ৰ বিষয়ে জ্ঞান নথকা কোনো ছাত্ৰ পঢ়াশালিলৈ অহাৰ যোগ্য নহয় | কিন্তু আন বহুতেই ইয়াৰ বিৰোধীতাও নকৰা নহয় |

বিজ্ঞানৰ আধুনিক বিকাশে প্ৰাচীন কালত প্ৰচলিত বহুতো ধ্যান-ধাৰণা অসত্য নুলি প্ৰমাণ কৰিছে | কিন্তু অতীতৰ সকলোবোৰ ধাৰণাকে আধুনিক বিজ্ঞানে দলিয়াই পেলোৱা নাই | প্ৰাণিধানযোগ্য যে ইউক্লিড বা প্লেটো আদিৰ দৰে লোকৰ অবিহনে বিজ্ঞানৰ বিকাশেই হয়তো সম্ভৱ নহ’লহেঁতেন | গণিত হ’ল ধাৰণাৰ এক ক্ৰমবিকাশ বা দুঃসাহসিক অভিযান | গণিতৰ বুৰঞ্জীত সেইবাবে পৃথিৱীত জন্ম গ্ৰহণ কৰা আটাইতকৈ বিচক্ষণ লোক সকলৰ অৱদান জৰিত হৈ আছে |

খৃষ্টপূৰ্ব ২০০০-৫০০

প্ৰাচীন কালত ইজিপ্ত বা মিচৰৰ লোকসকলে বিভিন্ন জৰীপ আৰু নিৰ্মাণ আঁচনিৰ জৰিয়তে জ্যামিতিৰ ব্যৱহাৰিক জ্ঞানৰ পৰিচয় দিছিল | প্ৰতিবছৰে নীল নদীয়ে দুয়োপাৰ বুৰাই পেলাইছিল আৰু নদীৰ পাৰৰ নিয়মীয়াকৈ জৰীপ কৰিব লগীয়া হৈছিল | জনা যায় যে সেইকালতে তেওঁলোকে পাইৰ আনুমানিক মান নিৰ্ণয় কৰিছিল |

প্ৰাচীন কালৰ শিলালিপিৰ পৰা এই কথা প্ৰমাণ হৈছে যে প্ৰাচীন বেবিল’নিয়ান সকলে পাইথাগোৰীয় সম্পৰ্কৰ বিষয়ে জানিছিল | এনে এক শিলালিপিত উল্লেখ আছে - "৪ দৈৰ্ঘ্য আৰু ৫ কৰ্ণ; তেন্তে প্ৰস্থ কিমান? ইয়াৰ আকাৰ জনা নাযায় | ৪ ৰ ৪ গুণ হ’ল ১৬ | ৫ ৰ ৫ গুণ হ’ল ২৫ | ২৫ ৰ পৰা তুমি ১৬ লোৱাঁ আৰু বাকী থাকিল ৯ | কিমানৰ কিমান গুণ ম‍ই ল’লে ৯ পাম? ৩ ৰ ৩ গুণ ৯ | ৩ য়েই হ’ল প্ৰস্থ |"

খৃষ্টপূৰ্ব ৭৫০-২৫০

ইজিপ্ত আৰু বেবিল’নিয়াৰ নিচিনাকৈ প্ৰাচীন গ্ৰীক সকলেও বহু শতিকা জুৰি পৰীক্ষামূলক জ্যামিতি ব্যৱহাৰ কৰিছিল  আৰু তেওঁলোকে ইজিপ্ত আৰু বেবিল’নিয়াৰ পৰীক্ষামূলক জ্যামিতিও আয়ত্ব কৰিছিল | তেতিয়া তেওঁলোকে জ্যামিতিক যুক্তিৰে উপস্থাপন কৰি প্ৰথমবাৰৰ বাবে  গাণিতৰ এক আনুষ্ঠানিক সূচনা কৰিছিল | তেতিয়াৰ পৰা ইউক্লিডৰ "মৌল" নামৰ কিতাপখন জ্যামিতিৰ স্কুলীয়া শিক্ষাৰ আধাৰ হিচাবে গণ্য কৰা হ্য় |

খৃষ্টপূৰ্ব ৪০০-ৰ পৰা ১৮০০ খৃষ্টাব্দলৈ

জ্যামিতিকে ধৰি গণিতৰ দুটা প্ৰধান প্ৰকাৰ হ’ল- তত্ত্ব আৰু উপপাদ্য | তত্ত্ব বিলাক হ’ল মূল ধাৰণা - যিবিলাক নিয়ম ব বিধি অৱশ্যম্ভাৱী আৰু সেইবাবে প্ৰমাণ নকৰাকৈয়ে সকলোৱে মানি লয় | আনহাতে উপপাদ্য বিলাক প্ৰমাণ কৰা দৰকাৰ |

ইউক্লিডে পাঁচটা তত্ত্ব আগবঢ়াইছিল | পঞ্চম তত্ত্বটোৰ মতে - "এডাল ৰেখা আৰু সেই ৰেখাত নথকা এটা বিন্দু দিয়া থাকিলে সেই ৰেখাৰ সমান্তৰালকৈ উক্ত বিন্দুটোৰ মাজেদি আন এডাল মাত্ৰ ৰেখা আঁকিব পাৰি |" কিন্তু ইউক্লিডে প্ৰমাণ নকৰাকৈ এই তত্ত্বটো মানি লোৱাৰ বাবে অলপো সন্তুষ্ট হ’ব পৰা নাছিল | তাৰ বহু শতিকা পিচলৈকে বিভিন্ন বিজ্ঞানীয়ে এই তত্ত্ব প্ৰমাণ কৰিবলৈ বৃথা প্ৰচেষ্টা অব্যাহত ৰাখিছিল |

প্ৰাচীন কালৰ পৰাই বোধহয় এইটো জনা হৈছিল যে এটা বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত হ’ল এটা ধ্ৰুৱক | কিন্তু ধ্ৰুৱক কি ? এই প্ৰশ্নৰ এটা গ্ৰহণযোগ্য উত্তৰ বিচাৰি ইতিহাসৰ বহুতো গণিতজ্ঞকে আবৰি ৰাখিছিল |

১৬০০ খৃষ্টাব্দ

বীজগণিত আৰু জ্যামিতিৰ মিলন ঘটাই দেস্কাৰ্টেছে জ্যামিতিৰ এটা অতি গুৰুত্বপূৰ্ণ  উন্নয়ন সাধন কৰিলে | এই বিষয়ে এটা অতি আমোদজনক কাহিনী জনা যায় | তেওঁ এদিন ঘৰৰ চিলিঙত বহি থকা এটা মাখি লক্ষ্য কৰি থাকোঁতে দুটা সংখ্যাৰ সহায়ত এক সমতলত এটা বিন্দুৰ স্থানাংক নিৰ্ণয় কৰাৰ বিষয়ে ধাৰণাটো ভাবি উলিয়ালে |  প্ৰায় একে সময়তে ফাৰ্মেটেও স্থানাংক জ্যামিতি আৱিষ্কাৰ কৰিছিল, কিন্তু আধুনিক
স্থানাংক জ্যামিতি দেস্কাৰ্টেছে আৱিষ্কাৰ কৰাটোহে অনুসৰণ কৰে |

১৯ শতিকাৰ প্ৰথম ভাগ

যিহেতু গণিতজ্ঞ সকলে ইউক্লিডৰ পঞ্চম তত্ত্বটো প্ৰমাণ কৰিব পৰা নাছিল, তেওঁলোকে সমান্তৰাল ৰেখাৰ প্ৰতি নেতিবাচক ধাৰণাৰ ওপৰত ভিত্তি কৰি এক নতুন জ্যামিতিৰ জন্ম দিয়ে; ই আছিল এক জ্যামিতি য’ত কোনো সমান্তৰাল ৰেখা নাই ! ব’লায়ি আৰু ল’বাচেভস্কিক এই প্ৰথম অ-ইউক্লিদীয় জ্যামিতিৰ জন্মদাতা বুলি ধৰা হয় |

১৯ শ্তিকাৰ শেষ চোৱা

দিফাৰেন্সীয়েল জ্যামিতিয়ে জ্যামিতি আৰু কলন গণিত লগ লগাই বক্ৰ পৃষ্ঠৰ জ্যামিতি অধ্যয়নৰ এটা নতুন প্ৰযুক্তিৰ জন্ম দিয়ে | গাউছ আৰু তেওঁৰ ছাত্ৰ ৰিমেনে এই শাখাটোৰ ভেঁটি প্ৰতিস্থা কৰে |  আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদৰ সূত্ৰৰ গাণিতিক ভেঁটি প্ৰতিস্থাৰ বাবে গাউছক কৃতিত্ব প্ৰদান কৰিছিল |

কুৰি শতিকা

ঢেকীয়া, ডাৱৰ আদিৰ গঠনৰ জ্যামিতিক আৰ্হি প্ৰস্তুত কৰাৰ বাবে ফেক্টেল ব্যৱ্হাৰ কৰা হয় | কম্পিউটাৰৰ আৱিষ্কাৰে ফেক্টেলৰ অধ্যয়নৰ বাবে অমূল্য সহায় আগবঢ়াইছে, যিহেতু এইধাৰণৰ ধাৰণাৰ সৈতে বহু জটিল গণনা জৰিত হৈ আছে | আধুনিক ফেল্টেল জ্যামিতিৰ এজন অগ্ৰণী গৱেষক হ’ল মেণ্ডেল্‌ব্ৰট |

মুঠৰ ওপৰত ক’বলৈ গ’লে প্ৰাচীন কালৰ মহান লোকসকলৰ অৱদান অবিহনে আধুনিক গণিত তথা জ্যামিতিৰ বিকাশ কেতিয়াও সম্ভৱ নহ’লহেঁতেন | সেয়েহে, বিজ্ঞানৰ ছাত্ৰৰ কাৰণে বিজ্ঞানৰ ইতিহাস অধ্যয়ন কৰাটো অতি আৱশ্যকীয় কথা | 

পাস্কেল

১৬২৩ খৃষ্টাব্দৰ ১৯ জুন তাৰিখে ফৰাচী দেশৰ ক্লেৰমন্ট-ফেৰান্দ নামৰ ঠাইত ব্লেইজ পাস্কেলৰ জন্ম হয় | তেওঁৰ দেউতাক এজন কৰ সংগ্ৰহকাৰী বিষয়া আছিল | পাস্কেল সৰুৰে পৰাই অতি তীক্ষ বুদ্ধিৰ আৰু অত্যন্ত মেধাবী আছিল | অতি সৰু কালতে তেওঁ বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰেৰে সকলোকে চমক খুৱাইছিল | তেওঁ পোনপ্ৰথমে প্ৰাকৃতিক আৰু ব্যৱহাৰিক বিজ্ঞানৰ কেতবোৰ দিশত বৈজ্ঞানিক অধ্যয়ন চলাইছিল আৰু জলীয় পদাৰ্থৰ ধৰ্ম সংক্ৰান্তীয় বহু গুৰুত্বপূৰ্ণ তথ্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হয় | তেওঁ চাপ আৰু বায়ুশুন্য অৱস্থা সম্বন্ধে আগেয়ে টৰিচেল্লি নামৰ বিজ্ঞানী এজনে আগবঢ়োৱা মতবাদৰ সত্যতা প্ৰতিপন্ন কৰে আৰু বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰাৰ যুক্তিযুক্ততা ডাঙি ধৰে |

১৬৪২ চনত কৈশোৰ অৱস্থাতে তেওঁ গাণনিক যন্ত্ৰ সম্পৰ্কে কেতবোৰ প্ৰাথমিক কাম-কাজ আৰম্ভ কৰে আৰু তিনি বছৰ গভীৰ অধ্যয়ন চলাই অৱশেষত গাণনিক যন্ত্ৰৰ সৈতে জড়িত ৫০ টা সম্ভাৱ্য ধাৰণা আৱিষ্কাৰ কৰে | পিচৰ ১০ বছৰত তেওঁ ২০ টা গাণনিক যন্ত্ৰ তৈয়াৰ কৰি উলিয়ায় | পাস্কেল এজন প্ৰথম শ্ৰেণীৰ গণিতজ্ঞ আছিল | মাত্ৰ ১৬ বছৰ বয়সত তেওঁ প্ৰক্ষেপণ জ্যামিতি বিষয়ক এখন গুৰুত্বপূৰ্ণ গৱেষণা-পত্ৰ প্ৰকাশ কৰে  আৰু পাচত সম্ভাব্যতা সম্পৰ্কে পীয়েৰি দে ফাৰ্মেটৰ সৈতে যোগাযোগ কৰি আধুনিক অৰ্থনীতি আৰু সমাজ বিজ্ঞানৰ অগ্ৰগতিৰ বাবে অমূল্য বৰঙনি আগবঢ়ায় |

১৬৪৬ চনত তেওঁ আৰু তেওঁৰ ভনীয়েক জেকুলীনে কেথ’লিক ধৰ্মৰ সংস্কাৰী মতবাদ জেন্সেনীজ্‌মৰ সমৰ্থনত থিয় দিয়ে | ১৬৫১ চনত তেওঁৰ দেউতাকৰ মৃত্যু হয় | ১৬৫৪ চনৰ তেওঁ পুণৰ ধৰ্মান্তৰিত হয় আৰু বৈজ্ঞানিক কাম-কাজ বাদ দি দৰ্শন আৰু ধৰ্ম-তত্ত্বত মনোনিৱেশ কৰে | সেই সময়তে তেওঁ ‘লেটাৰেচ প্ৰোভিন্সিয়েলিচ’ আৰু ‘পেন্সিচ’ নামৰ দুখন বিখ্যাত পুথি ৰচনা কৰে | সেই সময় চোৱাতে তেওঁ গাণিতিক ত্ৰিভূজৰ বিষয়েও এখন মূল্যবান গৱেষণা-পত্ৰ লিখি উলিয়ায় | ১৬৫৮ ৰ পঅ ১৬৫৯ চনৰ ভিতৰত তেওঁ অধিবৃত্ত আৰু কঠিন পদাৰ্থৰ আয়তন নিৰ্ণয়ত ইয়াৰ ব্যৱহাৰ সংক্ৰান্তত লিখি উলিয়ায় |

১৮ বছৰ বয়সৰ পিচত পাস্কেলৰ স্বাস্থ্যৰ অৱনতি হয় আৰু ৩৯ তম জন্মদিৱসৰ দুমাহৰ পিচতে তেওঁৰ মৃত্যু হয় |

মাত্ৰ তিনি বছৰ বয়সতে পাস্কেলে তেওঁৰ মাতৃ এন্টনিটে বেগনক হেৰুৱায় | তেওঁৰ দেউতাক এটিন্নে পাস্কেলো বিজ্ঞান আৰু গণিতৰ অনুৰাগী আছিল | পাস্কেলৰ দুজনী ভনীয়েক আছিল, জেকুলীন আৰু গিল্‌বাৰ্টে | 

১৬৩১ চনত, তেওঁৰ পৰিবাৰৰ মৃত্যুৰ পাঁচ বছৰৰ পাচত এটিন্নে পাস্কেল ল’ৰা-ছোৱালী কেইটাৰে সৈতে পেৰিচলৈ যায়গৈ | সেইসময়ত তেওঁলোকৰ ঘৰত বন-কৰা মহিলা হিচাবে থকা লুই ডেল্‌ফ্ল্ট তেওঁলোকৰ পৰিয়ালৰ এগৰাকী অন্যতম সদস্যৰ দৰে আছিল আৰু ল’ৰা-ছোৱালী কেইটাৰ যত্ন লৈছিল | কিন্তু পাস্কেলৰ দেউতাকে দ্বিতীয় বিবাহ নকৰাই নিজৰ সন্তান কেইটাক ঘৰতে শিক্ষা দান কৰিছিল | মাত্ৰ ১১ বছৰ বয়সতে ব্লেইজ পাস্কেলে কম্পিত বস্তুৰ শব্দ সম্পৰ্কে এখন চুটি ৰচনা লিখি উলিয়াইছিল ; কিন্তু দেউতাকে তেওঁ ১৫ বছৰ নোহোৱালৈকে গণিতৰ অধ্যয়নত বাধা প্ৰদান কৰিছিল, যাতে তেওঁৰ লেটিন আৰু গ্ৰীক ভাষাৰ অধ্যয়নত কোনো বিৰূপ প্ৰভাৱ নপৰে |  অৱশ্যে তেওঁৰ ১২ বছৰ বয়সত এদিন তেওঁৰ দেউতাকে  দেখিলে যে পাস্কেলে এটুকুৰা কয়লা হাতত লৈ বেৰত ছবি আঁকি স্বতন্তৰীয়াকৈ প্ৰমাণ কৰিছে যে যিকোনো ত্ৰিভূজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান | তেতিয়াৰে পৰা দেউতাকে তেওঁক ইউক্লীডীয় জ্যামিতি অধ্যয়ন কৰাৰ অনুমতি দিলে আৰু সেই সময়ৰ ইউৰোপত বিভিন্ন জনসভাত গোট খোৱা বিখ্যাত গণিতজ্ঞ সকলৰ কথা-বতৰা মৌনভাৱে শুনাৰ ব্যৱস্থা কৰি দিলে | ইয়াৰ পিচতে মাত্ৰ ১৬ বছৰ বয়সত পাস্কেলে তেওঁৰ বিখ্যাত "পাস্কেলৰ সূত্ৰ" আৱিষ্কাৰ কৰিলে | এই সূত্ৰৰ মতে যদি এটা ষড়ভূজ এটা বৃত্ত বা ত্ৰিশঙ্কুৰ ওপৰত স্থাপন কৰা হয়, তেন্তে বিপৰীত বাহু বিলাকে কটাকটি কৰা বিন্দু কেইটা এডাম সৰলৰেখাত থাকিব | এই ৰেখা ডালক আমি পাস্কেল ৰেখা বোলো |

পাস্কেলৰ এই আৱিষ্কাৰ ইমানেই সাংঘাতিক আছিল যে যেতিয়া এই সূত্ৰ ডেচ্‌কাৰ্টেছ নামৰ বিজ্ঞানী জনক দেখুওৱা হ’ল, তেওঁ বিশ্বাস কৰিবলৈ মান্তি নহ’ল যে এই আৱিষ্কাৰ পাস্কেলৰ দেউতাকে নহয়, কণমানি পাস্কেলেহে কৰিছে |

পেৰিচত বহুতো আৰ্থিক উত্থান পতনৰ সন্মুখীন হোৱাৰ অন্তত ১৬৩৯ চনত পাস্কেলৰ দেউতাক ৰোৱেন নগৰীৰ কৰ আয়ুক্ত নিযুক্ত হয় | ১৬৪২ চনত দেউতাকৰ কৰ সংক্ৰান্তীয় আমনিদায়ক আৰু জটিল গণনা কাৰ্য সহজ কৰাৰ অভিপ্ৰায়েৰে পাস্কেলে এটা গাণনিক যন্ত্ৰ সাজি উলিয়ায়, যিটোৰ সহায়ত যোগ আৰু বিয়োগ অতি সহজতে কৰিব পৰা গৈছিল | ইয়াক "পাস্কেলৰ কেল্কুলেটৰ" বা "পাস্কেলাইন" বোলা হয় |  পেৰিচ আৰু জাৰ্মানী দ্ৰেছদেন যাদুঘৰত পাস্কেলে বনোৱা দুটা এনে ধৰণৰ যন্ত্ৰ আজিও সংৰক্ষিত হৈ আছে | পিচৰটো দশকত পাস্কেলে তেওঁৰ এই আৱিষ্কাৰৰ অধিক উন্নতি ঘটাই মুঠ ২০ টা গাণনিক যন্ত্ৰ সাজি উলিয়ায় |

গোটেই জীৱন জুৰি গণিতৰ বিভিন্ন আৱিষ্কাৰেৰে পাস্কেলে আধুনিক গণিতৰ বিকাশলৈ যুগান্তকাৰী অৱদান যোগাই থৈ গৈছে | ১৬৫৪ চনত তেওঁৰ এজন বন্ধু ছেভালিয়াৰ দে মেৰেৰ অনুৰোধ মৰ্মে জুৱাখেলত বন্ধুজনে পোৱা অসুবিধা এটাৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁতে পাস্কেলে ফাৰ্মেট নামৰ আন এজন গণিতজ্ঞৰ সহযোগত সম্ভাব্যতাৰ তত্ত্ব আৱিষ্কাৰ কৰে | পিচলৈ পাস্কেলে এই সম্ভাব্যতাৰ সূত্ৰ প্ৰয়োগ কৰি ভগবানৰ অস্তিত্ব আৰু সত্‍ জীৱন যাপনৰ যুক্তিযুক্ততা প্ৰমাণ কৰিবলৈ বিচাৰিছিল |

১৬৫৪ চনত এটা ধৰ্মীয় অভিজ্ঞতাৰ পৰিণতিত পাস্কেলে বৈজ্ঞানিক অধ্যয়ন প্ৰায় বিসৰ্জন দিয়ে | অৱশ্যে ১৬৫৮ চনত এনিশা উজাগৰে কটোৱাৰ পাচত চাইক্লয়ড বা অধিবৃত্তৰ ওপৰত আৰু এক সুত্ৰ উদ্ভাৱন কৰে |

বিভিন্ন বৈজ্ঞানিক আৱিষ্কাৰৰ উপৰিও পাস্কেলে গাণিতিক দৰ্শনৰ দিশতো অতুলনীয় অৱদান আগবঢ়ায় |  এই দিশত তেওঁৰ বিশিষ্ট অৱদানৰ ভিতৰত আছিল "অৱ দা জ্যামিত্ৰিকেল স্পিৰিট" নামৰ কিতাপখন | গণিতৰ উপৰিও তেওঁ পদাৰ্থ বিজ্ঞানৰ প্ৰতিও অমূল্য অৱদান আগবঢ়ায় | তাৰ ভিতৰত তেওঁ হাইদ্ৰ’ডাইনেমিক্সৰ ওপৰত কৰা গৱেষণা, বেৰোমিটাৰ আৰু বায়ুশূন্যতা সম্পৰ্কে কৰা আৱিষ্কাৰ উল্লেখযোগ্য |

১৬৫৪ চনৰ অক্তোবৰ মাহত পাস্কেলে এটা গুৰুতৰ দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু তাৰ পিচৰ পৰাই তেওঁৰ স্বাস্থ্য ক্ৰমান্বয়ে ভাগি পৰে | ১৬৬২ চনত তেওঁঅ শাৰীৰিক অৱস্থা অধিক শোচনীয় হৈ পৰে আৰু তাৰ আগৰ বছৰত হোৱা ভগ্নীৰ মৃত্যুৰ বাবে তেওঁ মানসিকভাৱেও ভাগি পৰে | ১৬৬২ চনৰ ১৮ আগষ্টত পেৰিচত থাকোঁতে তেওঁ হঠাতে চেতনা হেৰুৱায় আৰু পিচদিনা শেষ নিশ্বাস ত্যাগ কৰে | মৃত্যুৰ আগে আগে তেওঁ কৈছিল, " ভগবানে যেন মোক কাহানিও পৰিত্যাগ নকৰে !"

পাইথাগোৰাচ

নেচাৰ্কাচৰ পুত্ৰ পাইথাগোৰাচৰ জন্ম হৈছিল চাম’চ দ্বীপত | ৫৩৮ খৃষ্টাব্দত শাসনভাৰ লোৱা প’লিক্ৰেট্‌চৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ তেওঁ দক্ষিণ ইটালীলৈ পলায়ন কৰে | সেইসময়তে তেওঁ ইজিপ্ত আৰু বেবিলনলৈও গেছিল বুলি জনা যায় | দক্ষিণ ইটালীৰ ক্ৰটন নামৰ ঠাইত তেওঁ আৰু তেওঁৰ অনুগামীসকল অতিশয় প্ৰভাৱশালী হৈ উঠিছিল আৰু পাইথাগোৰাছে নতুনকৈ আৰম্ভ কৰা পন্থাটোৰ এখন পঢ়াশালি তাত গঢ়ি তুলিছিল | সম্ভৱতঃ পাইথাগোৰাছে স্থানীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদবী অধিকাৰ কৰিছিল আৰু তেওঁৰ ভাৱাদৰ্শ মানুহৰ মাজত প্ৰচাৰ কৰিছিল | পিচলৈ অৱশ্যে এটা বিৰোধী শিবিৰে পাইথাগোৰাছ আৰু তেওঁৰ অনুগামীসকলৰ বিৰুদ্ধে এক আক্ৰমণ গঢ়ি তোলে আৰু তেওঁৰ পন্থাটোৰ সম্পূৰ্ণ পতন হয় | সম্ভৱতঃ পাইথাগোৰাছক ক্ৰটনৰ পৰা নিৰ্বাসন দিয়া হয় অথবা স্ব‍ইচ্ছাই তেওঁ এই আক্ৰমণৰ আগে আগে সেই ঠাই ত্যাগ কৰে | অৱশেষত পঞ্চম শতিকাৰ প্ৰথম ভাগত মেটাপন্টাম নামৰ ঠাইত তেওঁৰ মৃত্যু হয় |

পাইথাগোৰাছ আৰু তেওঁৰ অনুগামী সকলে ধৰ্ম আৰু বিজ্ঞান দুয়োটা ক্ষেত্ৰলৈ অমূল্য বৰঙণি আগবঢ়াইছিল | তেওঁৰ ধৰ্মীয় মত অনুসৰি মানুহৰ আত্মা অমৰ আৰু জীৱনৰ পৱিত্ৰতাৰ জৰিয়তে মুক্তি লাভ কৰাৰ আগলৈকে আত্মাই বাৰে-বাৰে পুণৰ্জীৱন ধাৰণ কৰি থাকে | তেওঁ মানৱ জীৱনত পালন কৰিবলগীয়া কেতবোৰ কঠোৰ নিয়ম-নীতিও প্ৰৱৰ্ত্তন কৰে | তেওঁ বিশ্বাস কৰিছিল যে মানুহ আৰু জীৱ-জন্তুৰ আত্মা একে| আনকি তেওঁ কৈছিল যে তেওঁ এটা কুকুৰৰ চিঞৰত তেওঁ এজন মৃত বন্ধুৰ মাত শুনা পাইছিল |

গণিত শাস্ত্ৰৰ অগ্ৰগতিলৈ পাইথাগোৰাছে অমূল্য অৱদান আগবঢ়াই থৈ গৈছিল | বোধকৰো পাইথাগোৰাছেই প্ৰথম কৈছেল যে বিশ্বত সংখ্যাই হ’ল মূল বস্তু আৰু ইয়ে সকলোৰে সীমা নিৰ্ধাৰণ কৰে আৰু সকলো বস্তুৰে নিৰ্দ্দিষ্ট আকাৰ দিয়ে | সঙ্গীতৰ বিৰামৰ বিষয়ে কৰা তেওঁৰ অধ্যয়নৰ ওপৰত ভিত্তি কৰি আৱিষ্কৃত হয় যে সঙ্গীতৰ এই বিৰাম বা বিৰতি মূলতঃ প্ৰথম চাৰিটা সংখ্যাৰ অনুপাতেৰে দৰ্শাব পাৰি আৰু ১০ সংখ্যাটো আৰু প্ৰথম চাৰিটা সংখ্যাৰ সমষ্টিয়ে গোটেই সংখ্যা প্ৰক্ৰিয়াটো আবৰি আছে |

তেওঁলোকে এই ১ + ২ + ৩ + ৪ সমষ্টিটোৰ ইমান শ্ৰদ্ধাশীল আছিল যে পাইথাগোৰাছৰ অনুগামী সকলে প্ৰচলিত ধাৰণাত ভগৱানৰ নামত শপত লোৱাৰ সলনি এই সংখ্যা সমষ্টিটোৰ নামত শপত লৈছিল | পাইথাগোৰাছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি যিটো ভবা হয় বা জনা যায় সেইটো হ’ল - "সমকোণী ত্ৰিভূজৰ অতিভূজৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান |" ইয়াক আমি পাইথাগোৰাছৰ উপপাদ্য বুলি জানো |
ইয়াৰ উপৰিও পাইথাগোৰাছে সসীম আৰু অসীমৰ ধাৰণাও ডাঙি ধৰে |

তদুপৰি তেওঁ তাৰকাসমূহৰ গতি সম্পৰ্কেও কিছু নতুন চিন্তাধাৰা আগবঢ়ায় | সেই সময়ৰ আন সকলৰ ধাৰণাৰ বিপৰীতে তেওঁৰ মতে পৃথিৱীৰ আকাৰ ঘূৰণীয়া আৰু ই বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰক প্ৰদক্ষিণ কৰি থাকে | ইয়াৰ কেন্দ্ৰত আছে অগ্নি যাক মানুহে দেখা নাপায়, কাৰণ মানুহে আন এটা দিশতহে অৱস্থান কৰি থাকে | তেওঁৰ মতে সূৰ্য‍ই এই অগ্নি প্ৰতিফলিত কৰে | আনহাতে কেন্দ্ৰটোৰ ওচৰত পৃথিৱীৰ দৰে আৰু এটা গ্ৰহ আছে আৰু পাঁচটা অন্য গ্ৰহ ইহঁতৰ পৰা যথেষ্ট দূৰত্বত অৱস্থিত | অৱশ্যে এইটো ঠিৰাংকৈ জনা নাযায় এই তত্ত্বৰ কিমান অংশ প্ৰকৄততে আৰ্কিমিডিছে নিজে আগবঢ়াইছিল |

গণিতৰ প্ৰতি আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে পাইথাগোৰাছ নিশ্চয় পাশ্চাত্যৰ এজন অতি অগ্ৰণী গণিতজ্ঞ হিচাবে পৰিচিত হোৱাৰ যোগ্য | কিন্তু প্ৰাচীন গ্ৰীচত তেওঁ বিশেষকৈ এজন ধৰ্মীয় শিক্ষক হিচাবেহে বেচিকৈ পৰিচিত আছিল |